৮৩ ৰ বিশ্ব বিজয়ীঃ


             ১৯৮৩ চনৰ ৯ জুনৰ পৰা ২৫ জুনলৈ ইংলেণ্ড আৰু ৱেলচৰ দ্বাৰা আয়োজিত ৱৰ্ল্ড কাপ ক্ৰিকেট আছিল বহু স্মৃতিৰে ভৰা। সেয়া আছিল ৱৰ্ল্ড কাপ ক্ৰিকেটৰ তৃতীয়বিধ সংস্কৰণ। ৱেষ্ট ইণ্ডিজ, ভাৰত, শ্ৰীলংকা, পাকিস্তান, ইংলেণ্ড, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, আৰু জিম্বাবুৱে মুঠ ৮ খন দেশে এই ৱৰ্ল্ডকাপত ভাগ লৈছিল। উল্লেখযোগ্য যে সেই সময়ত ক্ৰিকেট ৱৰ্ল্ড কাপক 'প্ৰুডেনচিয়েল কাপ' বোলা হৈছিল। সেইসময়ত ভাৰত, পাকিস্তান, শ্ৰীলংকাই ভালদৰে ক্ৰিকেটত খুপনি পুতিব পৰা নাছিল। জিম্বাবুয়েও আছিল নতুনকৈ অন্তৰ্ভুক্ত দল। পূৰ্বৰ দুবাৰ ৱৰ্ল্ড কাপত ভাৰতে ভাগ লৈছিল যদিও ইষ্ট আফ্ৰিকাৰ বাদে কাকোৱেই হৰুৱাব নোৱাৰি গ্ৰুপ ষ্টেজৰ পৰাই বাহিৰ হৈছিল। গতিকে পূৰ্বৰ দুবাৰকৈবিজয়ী ৱেষ্ট ইণ্ডিজেই আছিল ৮৩ ৰ ৱৰ্ল্ড কাপ ক্ৰিকেটৰ ফেভাৰিট দল। আৰু ভাৰত আছিল 'আন্দাৰ ডগ'।
world championships 83

               ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কপিল দেৱৰ নেতৃত্বত ভাৰতে দেখিছিল বিশ্ব বিজয়ৰ সপোন। সেই দলটোত আছিল কপিলদেৱ(C), মহিন্দৰ অমৰনাথ, কীৰ্তি আজাদ, ছৈয়দ কিৰমাণি, সুনীল গাভাস্কাৰ, কৃষ্ণমচাৰী শ্ৰীকান্ত, ৰ'জাৰ বিন্নী, মদন লাল, সন্দীপ পাটিল, বলৱিন্দৰ সিং, য়াশপাল শৰ্মা, ৰৱি শাস্ত্ৰী, সুনীল ভালচন আৰু দিলিপ ভেংসৰকাৰ।
world championships 83

               জানি আচৰিত হ'ব সেই সময়ত ৰাতি খেলাৰ সুবিধা নাছিল। খেলবোৰ দিনত হৈ দিনতে সমাপ্ত হৈছিল। খেলবোৰো আছিল ৬০ অভাৰৰ। ৮৩ ৰ ৱৰ্ল্ডকাপত ভাগলোৱা ৮ টা দলক A আৰু B হিচাপে দুটা গ্ৰুপত ভাগ কৰিছিল। A গ্ৰুপত আছিল ইংলেণ্ড, পাকিস্তান, নিউজিলেণ্ড আৰু শ্ৰীলংকা। সেইদৰে B গ্ৰুপত আছিল অষ্ট্ৰেলিয়া, ভাৰত, ৱেষ্ট ইণ্ডিজ, আৰু জিম্বাবুয়ে।  A গ্ৰুপৰ পৰা ছেমি ফাইনেললৈ অগ্ৰসৰ হৈছিল অষ্ট্ৰেলিয়া আৰু পাকিস্তান।  B গ্ৰুপৰ পৰা আগ্ৰসৰ হৈছিল ৱেষ্ট ইণ্ডিজ আৰু ভাৰত। উল্লেখযোগ্য যে গ্ৰুপ ষ্টেজত ভাৰত আৰু জিম্বাবুৱেৰ মাজত হোৱা খেলখনত কপিলদেৱে সেই বিখ্যাত ১৭৫ ৰাণৰ ঐতিহাসিক ইনিংছটো খেলিছিল। দুখৰ বিষয় যে BBC ৰ কৰ্মচাৰিয়ে কৰা প্ৰতিবাদৰ বাবে খেলখন ৰেকৰ্ডিং কৰা নাছিল।

                এতিয়া আহো ছেমিফাইনেললৈ। প্ৰথমখন ছেমি ফাইনেল অনুষ্ঠিত হৈছিল ২২ জুন তাৰিখে ক্ৰিকেটৰ জন্মদাতা ইংলেণ্ড আৰু আন্দাৰ ডগ ভাৰতৰ মাজত। কিন্তু ভাৰতে নিৰাশ নকৰি ইংলেণ্ডক ৬ উইকেটত হৰুৱাই নিজৰ শক্তিৰ উমান দিছিল।

               আনখন ছেমি ফাইনেলত মহা শক্তিধৰ বেষ্ট  ইণ্ডিজে পাকিস্তানক ৮ উইকেটত পৰাস্ত কৰি ফাইনললৈ হট ফেভাৰিট হিচাপে অগ্ৰসৰ হৈছিল।

               কোনেও কল্পনা কৰিৱ পৰা নাছিল যে ভাৰত ফাইনেললৈ অগ্ৰসৰ হ'ব পাৰিব বুলি। কিন্তু কপিল দেৱৰ নেতৃত্বই যেন সকলোকে প্ৰত্যুত্তৰ দি আগুৱাই লৈ গৈছিল ভাৰতীয় দলটোক ইতিহাস ৰচিবলৈ। কিন্তু সন্মূখত আছিল ক্লাইভ লয়ডৰ নেতৃত্বত বৃহৎ প্ৰাচীৰ সম প্ৰবল পৰাক্ৰমী ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দল। সেই সময়ত ৱেষ্ট ইণ্ডিজ আছিল প্ৰৱল ধুমুহা সদৃশ। বিগ বাৰ্ড জুৱেল গাৰ্ণাৰ, মাইকেল হল্ডিং, মেলকম মাৰ্শ্বেল, এণ্ডি ৰবাৰ্টছ, এইচ. এ. গোমেজৰ দৰে বলাৰেৰে গঠিত বেষ্ট ইণ্ডিজক দল সমূহে মুখামুখি হ'বলৈ ভয় কৰিছিল। সেই দৰে বেটিংত লাইনত আছিল ক্লাইভ লয়ড, ভিভিয়ান ৰিচাৰ্ড, দি.এল. হাইনেচ, জেফ ডোজন, ফ'ড, বেচাছ, গৰ্ডন গ্ৰীনিজৰ দৰে যিকোনো বলাৰক তচনচ কৰি দিব পৰা বেটছমেন।

                 ২৫ জুন। ৮৩ চনৰ ৱৰ্ল্ড কাপ ক্ৰিকেটৰ ফাইনেলৰ দিন। ক্ৰিকেটৰ ভু-স্বৰ্গখ্যাত অভেলত মুখামুখি হৈছিল সেই সময়ৰ ক্ৰিকেটৰ ধুমুহা বেষ্টইণ্ডিজ আৰু ইংলেণ্ডক হৰুৱাই মনোৱল অটুট ৰখা আন্দাৰ ডগ ভাৰত। সেইদিনটোত ষ্টেডিয়াম ভৰিপৰিছিল ৱেষ্ট ইণ্ডিজৰ সমৰ্থকেৰে। ভাৰতৰ সমৰ্থক তেনেই কম আছিল। হট ফেভাৰিট হিচাপে খেলপথাৰত নামিছিল ক্লাইভ লয়ডৰ নেতৃত্বত ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দল।

                ৱেষ্ট ইণ্ডিজৰ বলিং বিক্ৰমত ৰ'ৱ নোৱাৰি ভাৰতে  ৬০ অভাৰত ১৮৩ ৰাণৰ লক্ষ্য বান্ধি দিলে। সকলোৱে ভাৱি লৈছিল ৱেষ্ট ইণ্ডিজে এই ৰাণ হেলাৰঙে কৰিব পাৰিব আৰু জয়ী হ'ব। কিন্তু ইংলেণ্ডক পৰাস্ত কৰি ফানলেলৈ অগ্ৰসৰ হোৱা ভাৰতৰ মনোৱল যেন শিখৰত আছিল। ভাৰতে কৰা ১৮২ ৰাণ কম আছিল কিন্তু সংঘৰ্ষ কৰিব পৰাবিধৰ আছিল। সেইদৰে দ্বিতীয় ইনিংছ আৰম্ভ হ'ল। কিন্তু ভাৰতৰ বলিং চাতুৰ্যত যেন তাচপাতৰ দৰে খহিল প্ৰাচীৰ সম বিখ্যাত ৱেষ্ট ইণ্ডিজৰ দলটো। মাত্ৰ ১৪২ ৰাণতে ভাৰতৰ ওচৰত শিৰ নত কৰিৱলৈ যেন বাধ্য হ'ল। উল্লেখৰ প্ৰয়োজন যে মদন লালৰ অভাৰত আউট হোৱা ভিভিয়ান ৰিচাৰ্ডৰ উইকেটেই  লাভেই আছিল খেল খনৰ টাৰ্নিং পইণ্ট। মদন লাল আৰু কপিল দেৱে পতা জালখনত যেন ফঁচিল ভিভ ৰিচাৰ্ড। ১৯৮৩ ৰ চেম্পিয়ন হ'ল ভাৰত।

              ইংলেণ্ড আৰু ৱেলচে অনুষ্ঠিত কৰা ১৯৮৩ চনৰ ৱৰ্ল্ড কাপ আছিল ভাৰতৰ ক্ৰিকেট ইতিহাসৰ এক মাইলষ্টন। ভাৰতে প্ৰমাণ কৰিছিল মনোবল আৰু আত্মবিশ্বাস অটুট থাকিলে যিকোনো বাধা অতিক্ৰম কৰিব পাৰি। আৰু সেই নীতিৰে ভাৰতে গঢ়িছিল বিশ্ববিজয়ৰ ইতিহাস। যি ইতিহাস ভাৰত বাসীৰ বাবে চিৰস্মৰণীয়।

Post a Comment

0 Comments