![]() | ||
Riyan Parag Indian cricketer |
১৭ বছৰীয়া এজন সুঠাম কিশোৰ । হাতত বেট লৈ ক্ৰীজত সমুখ সমৰত যুঁজ দি গৈছে বিপক্ষৰ দুৰ্দান্ত বলাৰৰ বিৰুদ্ধে । কান্ধত আছে গধুৰ দায়িত্ব । ইতিমধ্যে দলৰ টপ বেটিং লাইন আপ খহাই পেলাইছে ঈশান্ত শৰ্মা আৰু অমিত মিশ্ৰৰ বলিঙেৰে । ৩০ ৰাণত চাৰিটাকৈ উইকেট হেৰুৱাই দলটোৱে বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সময়তে এক গধুৰ দায়িত্ব পালন কৰিবলৈ আহিছিল ১৭ বছৰীয়া কিশোৰজন ।কঁকালৰ খুঁচনিত অসমৰ আবেগ গামোচা আৰ্হিৰ ৰুমালখনেও বাৰে বাৰে সকলোৰে দৃষ্টি নিবদ্ধ কৰিছিল । যথেষ্ট ধৈৰ্য্যৰে আৰু সাৱধানেৰে খেলি গৈ আছে কিশোৰজনে । মাজে মাজে বাউণ্ডেৰীও কোবাই গৈছে । কিন্তু দল বিপৰ্যয়ৰ সন্মুখীন হৈয়ে থাকিল । উইকেট যদিও খহি আছে, তথাপি 'ৱান মেন আৰ্মি'ৰ দৰেই দলৰ স্ক'ৰ শতকৰ ঘৰ পোৱালেগৈ । লগতে অন্তিম অভাৰত দুটাকৈ ছয়েৰে ৪৭ বলত অৰ্ধশতক অৰ্জন কৰি এক অনন্য ইতিহাস ৰচিবলৈ সক্ষম হয় ।
![]() | ||
Riyan Parag Indian cricketer |
হয়, আপুনি ঠিকেই ভাবিছে । আমি ৰিয়ান পৰাগৰ কথাই কৈছোঁ । ২০১৯ বৰ্ষৰ IPL ৰ ৪ মে'ত অনুষ্ঠিত ৰাজস্থান ৰয়েলছ বনাম দিল্লী কেপিটেলছৰ ৫৩ তম মেচখনত ৰিয়ান পৰাগৰ খেল হয়টো আপোনাৰ নিশ্চয় মনত আছে । এই প্ৰতিভাৱান খেলুৱৈজনে সেই খেলখনত IPL-ৰ কনিষ্ঠতম অৰ্ধশতক অৰ্জনকাৰী হিচাপে পৰিগণিত হয় । ইয়াৰ আগেয়ে সঞ্জু ছেমছন আৰু পৃথ্বী শ্ব ১৮ বছৰ ১৬৯ দিনত অৰ্ধশতক অৰ্জন কৰি কনিষ্ঠতম হিচাপে বিবেচিত হৈছিল । ৰিয়ান পৰাগে ১৭ বছৰ ১৭৫ দিনত এই কৃতিত্বৰ অধিকাৰী হয় ।
![]() | ||
Riyan Parag Indian cricketer |
২০১৮ বৰ্ষৰ ১৯ অনূৰ্ধ্ব বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ সদস্য ৰিয়ান পৰাগ অসমৰ বাবেই নহয়, সমগ্ৰ ভাৰতৰে এটি উজ্জ্বল তাৰকা হৈ পৰিছিল সেইদিনাই । প্ৰশংসাৰে উপচাই পেলাইছিল দেশী-বিদেশী তাৰকা খেলুৱৈসকলে ।
![]() | ||
Riyan Parag Indian cricketer |
এই প্ৰতিভাৱান খেলুৱৈজনৰ সপোন ভাৰতীয় দলৰ হৈ খেলা । বৰ্তমানলৈকে অসমৰ কোনো এজন ক্ৰিকেট খেলুৱৈয়ে ভাৰতীয় জাতীয় দলক (ছিনিয়ৰ) প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হোৱা নাই । আমি আশাবাদী, ৰিয়ান পৰাগেই হঁওক অসমৰ সেইজন প্ৰথম খেলুৱৈ ।
CricAssamese ৰ সমুহ পৰিয়ালৰ হৈ ৰিয়ান পৰাগলৈ শুভেচ্ছা যাচিছো । একাগ্ৰতাৰে আগৱাই গৈ থাকক ৰিয়ান পৰাগ । জিলিকাই তোলক অসমৰ নাম, অসমৰ মান আৰু ভাৰতৰ নাম ।
0 Comments