সন্মানীয় 'খেল ৰত্ন' বঁটাৰ বাবে BCCI য়ে মনোনীত কৰিলে ভাৰতৰ ক্ৰিকেট দলৰ উপ অধিনায়ক ৰোহিত শৰ্মাক

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড বা চমুকৈ বিচিচিআই-য়ে ভাৰতীয় ক্ৰিকেট দলৰ উপ অধিনায়ক ৰোহিত শৰ্মাক ২০২০ বৰ্ষৰ সন্মানীয় ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে মনোনীত কৰিছে । লগতে ঈশান্ত শৰ্মা, শিখৰ ধাৱান আৰু দীপ্তি শৰ্মাক অৰ্জুন বঁটাৰ বাবে মনোনীত কৰে । 
Rohit Sharma
 Indian cricketer

ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে  ১ জানুৱাৰী,২০১৬ ৰ পৰা ৩১ ডিচেম্বৰ,২০১৯ লৈকে বিবেচনা কৰি সংশ্লিষ্ট বঁটাসমূহৰ বাবে মনোনীত কৰিবলৈ আহ্বান জনাইছিল । 
Rohit Sharma
 Indian cricketer

এখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী, লগতে আন বহু ৰেকৰ্ডৰ গৰাকী ৰোহিত শৰ্মা নিতান্তই বৰ্তমানৰ এজন লেখত ল'বলগীয়া ক্ৰিকেটাৰ । বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত পাঁচটা শতক অৰ্জন কৰা ৰোহিত শৰ্মা  বিশ্বৰ প্ৰথমজন খেলুৱৈ । লগতে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত তিনিটাকৈ দ্বিশতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ হৈছে ৰোহিত শৰ্মা । ২০১৫ বৰ্ষত অৰ্জুন বঁটা প্ৰাপক ৰোহিত শৰ্মাই ২০১৯ বৰ্ষত ICC ODI Player of the Year হিচাপেও স্বীকৃতি লাভ কৰিছিল । 

এই সম্পৰ্কে BCCI ৰ সভাপতি সৌৰভ গাঙ্গুলিয়ে কয়, "মনোনীতসকলৰ তালিকা প্ৰস্তুত কৰাৰ পূৰ্বে আমি বহু তথ্য তথা পেৰামিটাৰ বিবেচনা কৰিছোঁ । বেটছমেন হিচাপে ৰোহিত শৰ্মাই কিছু নতুন মানদণ্ড প্ৰতিষ্ঠা কৰিছে আৰু লগতে এনে স্ক'ৰ সংগ্ৰহ কৰিছে, যিবিলাক সীমিত অভাৰৰ খেলত মুঠেও সম্ভৱ নহয় । আমি অনুভৱ কৰোঁ যে তেওঁৰ দায়িত্ব, আচৰণ, ধাৰাবাহিকতা আৰু নেতৃত্বৰ দক্ষতাৰ বাবে সন্মানীয় খেল ৰত্ন পোৱাৰ বাবে উপযুক্ত ।"

Post a Comment

0 Comments