সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি থকা ক'ৰ'ণা ভাইৰাছৰ ভয়াবহতা দোহৰাৰ প্ৰয়োজন নিশ্চয়কৈ নাই । ভাৰতবৰ্ষতো এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যাই হাজাৰৰ ঘৰ পাইছেগৈ । এই ভাইৰাছৰ পৰা হাত সাৰিবৰ বাবে যুদ্ধকালীন প্ৰস্তুতিৰে তথা তৎপৰতাৰে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে । ইতিমধ্যে যোৱা ২৩ তাৰিখৰ পৰা সমগ্ৰ দেশতে লকডাউন কৰি ৰখা হৈছে ১৪ এপ্ৰিল লৈকে । COVID-১৯ ৰ সৈতে যুজঁ দিবলৈ ভিন্ন পুঁজিপতিৰে পৰা আৰম্ভ কৰি খেলুৱৈ, তাৰকাৰ লগতে সাধাৰণ জনগণেও সহায়ৰ হাত আগবঢ়াইছে প্ৰধানমন্ত্ৰীৰ CARES পুঁজিলৈ অনুদানৰ জৰিয়তে । আজি ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু তেওঁৰ পত্নী অভিনেত্ৰী অনুষ্কা শৰ্মাই PM-CARES পুঁজিৰ লগতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ তিনি কোটি টকাৰ অনুদান আগবঢ়ায় COVID-১৯ ৰ বিৰুদ্ধে যুঁজ দিবলৈ ।
PM-CARES বা Prime Minister's Citizen Assistance and relief in Emergency Situations লৈ অনুদান আগবঢ়োৱাৰ কথা আজি এক টুইট যোগে জনায় বিৰাট কোহলীয়ে ।
কোহলীৰ টুইট :
Anushka and I are pledging our support towards PM-CARES Fund & the Chief Minister's Relief Fund (Maharashtra). Our hearts are breaking looking at the suffering of so many & we hope our contribution, in some way, helps easing the pain of our fellow citizens #IndiaFightsCorona— Virat Kohli (@imVkohli) March 30, 2020
বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই COVID-১৯ ৰ বিৰুদ্ধে যুঁজ দিবলৈ কেৱল অনুদান আগবঢ়োৱাৰ উপৰিও বিভিন্ন ছচিয়েল মাধ্যমৰ জৰিয়তে সজাগতা অনাৰ প্ৰয়াস কৰি আহিছে । দুয়ো এটা ভিডিঅ'ৰ জৰিয়তে সকলোকে এই সময়ছোৱাত ঘৰতে থাকিবলৈ আহ্বান জনায় ।
কোহলী-অনুষ্কাৰ ভিডিঅ মেছেজটো :
These are testing times and we need to wake up to the seriousness of this situation. Please let us all follow what's been told to us and stand united please. It's a plea to everyone 🙏🙏🙏 pic.twitter.com/75dDlzT6tX— Virat Kohli (@imVkohli) March 25, 2020
উল্লেখযোগ্য যে, COVID-১৯ ৰ বিৰুদ্ধে যুঁজ দিবলৈ শচীন তেণ্ডুলকাৰ, আজিংক্য ৰাহানে, সুৰেশ ৰাইনাইও অনুদান আগবঢ়াইছিল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সাহায্য পুঁজিলৈ । লগতে ভাৰতীয় ক্ৰিকেট বৰ্ডেও ৫১ কোটি টকা প্ৰধানমন্ত্ৰীৰ পুঁজিলৈ অনুদান আগবঢ়াইছিল ।
0 Comments