গৌতম গম্ভীৰে আগবঢ়ালে ৫০ লাখ টকাৰ অনুদান


  সমগ্ৰ বিশ্বজুৰি সম্প্ৰতি সন্ত্ৰাস চলাই আছে ক'ৰ'ণা ভাইৰাছে । ইতিমধ্যে ভাৰতবৰ্ষতো এই ভয়াবহ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত কিছু লোকৰ তথ্য আহিছে । এনে জটিল সময়ত ভাৰতীয় দলৰ এসময়ৰ দুৰ্দান্ত খেলুৱৈ তথা বৰ্তমানৰ পূব দিল্লীৰ সাংসদ গৌতম গম্ভীৰে দিল্লী চৰকাৰলৈ আগবঢ়াইছে ৫০ লক্ষ টকা ।



সোমবাৰে ঘোষণা কৰে এই কথা গৌতম গম্ভীৰে । MPLAD আঁচনিৰ ফাণ্ডৰ পৰা প্ৰদান কৰা এই অনুদানেৰে COVID-19 ৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সা-সৰঞ্জাম ক্ৰয় কৰিবলৈ দিল্লী চৰকাৰক প্ৰদান কৰিছে এই ধনৰাশি ।


         গৌতম গম্ভীৰৰ এই কাৰ্য্যক আদৰণি জনোৱাৰ লগতে প্ৰশংসাৰে উপচাই পেলাইছে ক্ৰিকেটপ্ৰেমীৰে পৰা আৰম্ভ কৰি আন আন বিশিষ্ট ব্যক্তিসকলে । এই জটিল সময়ছোৱাত ৰাজনৈতিক ভেদাভেদ পাহৰি সাধাৰণ জনগণৰ প্ৰতি সেৱা আগবঢ়োৱালৈ ভূমিকা কৰা কাৰ্য্যক CricAssamese ৰ পৰিয়ালেও শলাগ জনাইছো ।



Post a Comment

0 Comments