ক্ৰিকেট !


#ক্ৰিকেট ! 
           ক্ৰিকেট কি এই সম্পৰ্কে হয়টো আমি দুনাই কোৱাৰ প্ৰয়োজন নাই । জনা বা বুজি পোৱা জনৰে পৰা বৃদ্ধজনলৈকে, সকলোকে এই খেলে মন আলোড়িত কৰি ৰাখে । এক কথাত এই খেলক আমাৰ দেশত ভগৱানৰ দৰে পূজাও কৰা হয় । বিশ্বকাপৰ সময়ৰ কথাকেই ভাবকচোন এবাৰ । ক্ৰিকেটৰ জ্বৰে দেশবাসীক চুই নাযায়নে বাৰু ? নতুবা ভাৰত আৰু পাকিস্তানৰ খেল বুলিলে প্ৰতিজন লোকৰ মনত কেনে উত্তেজনাৰ সৃষ্টি হয় ! নহয়নে বাৰু ? চমুকৈ কবলৈ গলে, ক্ৰিকেট কেৱল খেলেই নহয়, ই আমাৰ বাবে এক ইমোশ্যন । 

       CricAssamese ক্ৰিকেট অনুৰাগীসকলৰ বাবে এক নতুন সংযোজন । ক্ৰিকেটৰ ভাল লগা বা ন ন বতৰাবোৰ মাতৃভাষাত যদি উপলব্ধ কৰা হয়, নিশ্চিতভাৱে সেয়া ভাল খৱৰ হ'ব নহয়নে বাৰু ? তাৰেই চিন্তাৰে জন্ম CricAssamese ৰ । ক্ৰিকেটৰ নৱ তথ্যসমূহ আপোনালোকলৈ মাতৃভাষাৰ মাধ্যমেৰে আগবঢ়োৱাটো হ'ব CricAssamese ৰ প্ৰধান উদ্দেশ্যে । লগতে এই খেলৰ ভিন্ন ভিন্ন আমোদজনক বা চিৰসেউজ শ্বাসৰুদ্ধকাৰী মুহূৰ্তবোৰ আপোনালোকলৈ CricAssamese য়ে কঢ়িয়াই আনিব । তাৰ লগতে সংযোজিত হ'ব  আপোনালোকৰ সকলোৰে প্ৰিয় ক্ৰিকেট সম্পৰ্কীয় Meme । 

           CricAssamese ৰ ৱেবচাইট আৰু ফেচবুক পেজখন আগবঢ়াই লৈ যাঁওতে কিছু ভুল ৰৈ যোৱাটো একেবাৰে স্বাভাৱিক । ৰৈ যোৱা ভুলসমূহ মাৰ্জনা কৰি আমাক আগুৱাই লৈ যোৱাৰ গধুৰ দায়িত্ব আপোনাসৱক প্ৰদান কৰিলোঁ । 

            আপোনালোকৰ সঁহাৰিয়ে আমাক উৎসাহিত কৰিব আপোনালোকৰ বাবে নিত্য নতুন ক্ৰিকেটৰ বতৰা কঢ়িয়াই আনিবলৈ । গতিকে ৱেবচাইট আৰু ফেচবুকৰ পেজখন অনুসৰণ কৰি আমাক আপোন কৰি ল'ব বুলি আমি আশাবাদী । শেষত আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি আমাৰ একলম সামৰণি মাৰিলোঁ । 


ধন্যবাদেৰে
প্ৰশাসক,
#CricAssamese

Post a Comment

0 Comments