১২ মাৰ্চত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আৰম্ভ হবলগীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয় । ইয়াৰে আন দুখন মেচ ক্ৰমান্বয়ে ১৫ আৰু ১৮ মাৰ্চত লক্ষ্ণৌ আৰু কলকাতাত অনুষ্ঠিত হ'ব । আজি BCCI য়ে আন দুখন মেচ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিশেষ ঘোষণা কৰিছে । ভাৰতীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয় আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সৈতে হোৱা এক আলোচনাৰ পাছত BCCI য়ে আন দুখন মেচ ক'ৰণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি দৰ্শনবিহীনভাৱে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় । উল্লেখযোগ্য যে, দেশত ক'ৰণা ভাইৰাছৰ আতংকৰ বাবে কেতবোৰ বিশেষ কাৰ্যসূচী সংশ্লিষ্ট মন্ত্ৰালয়ে গ্ৰহণ কৰিছে । ইয়াৰে ভিতৰত জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি BCCI ৰ সৈতে আলোচনা কৰি দূয়োখন মেচ দৰ্শকবিহীনভাৱে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় ।
NEWS: The remaining two ODIs of the ongoing series between India and South Africa to be played behind closed doors #INDvsSA— BCCI (@BCCI) March 12, 2020
Read More here 👉https://t.co/OU1BLRfg0v pic.twitter.com/r0QQNTJUlX
0 Comments