জয়ৰ নায়ক

     


Road safety world series বা RSWS ৰ মঙ্গলবাৰে 'ভাৰতীয় লেজেণ্ড' আৰু 'শ্ৰীলংকা লেজেণ্ড' ৰ মাজত অনুষ্টিত হোৱা টি-২০ মেচখন এক কথাত ক'ব পাৰি শ্বাসৰুদ্ধকাৰী মেচ । টচত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত লোৱা ভাৰতীয় দলে সুন্দৰ বলিং বিক্ৰমেৰে শ্ৰীলংকা দলক ১৩৮/৮ ত সীমিত ৰাখে ।






              লক্ষ্য যদিও কম আছিল তথাপি আৰম্ভণিতে ভাৰতীয় দলৰ শচীন টেণ্ডুলকাৰ আৰু ছেহৱাগৰ উইকেট পতন ঘটে । তাৰ পাছৰে পৰা মেচখনৰ ধাৰা সলনি হয় । মঃ কাঈফে ৪৬ ৰাণ দললৈ বৰঙনি যোগায় যদিও দলীয় স্ক'ৰ ৮১ হঁওতে কাঈফো পেভিলিয়ানমুখী হয় । খুউব কম সময়তে যুৱৰাজ সিঙৰ উইকেট পতন হোৱাৰ পাছত মেচখন এটা সময়ত শ্ৰীলংকা দলৰ প্ৰতি ধাৱমান হৈছিল । সেইসময়ত ক্ৰীজত আছিল ইৰফান পাঠান আৰু গণী । জয়ৰ বাবে প্ৰয়োজন আছিল ১৮ বলত ৩৯ ৰাণৰ । দৰ্শকৰ মুখমণ্ডলত পৰাজয়ৰ শংকাও ঘনীভূত হ'বলৈ ধৰে । তাৰ পাছৰে পৰা খেলৰ ৰূপ সলনি কৰে ইৰফান পাঠানে । ১৭ তম অভাৰত ইৰফান পাঠানে ২টাকৈ অভাৰ বাউণ্ডেৰী আৰু এটা বাউণ্ডেৰী ক্ৰমাগতভাৱে প্ৰহাৰ কৰে আৰু শেষৰ বলত গনীয়ে এটা অভাৰ বাউণ্ডেৰীৰে দলীয় স্ক'ৰ ১২৬ লৈ উন্নীত কৰে । গোটেই মেচখনৰ বাবে টাৰ্নিং পইন্টস্বৰূপ আছিল ১৭ তম অভাৰটোৱেই । এটা সময়ত জয়ৰ আশা ক্ষীণ হৈ পৰা মেচখন পুনৰ উদ্ধাৰ কৰে ইৰফান পাঠানৰ বেটিং পৰাক্ৰমে । আনহাতে ৮ টা বল বাকী থাকোতেই ভাৰতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় । ইৰফান পাঠানৰ দ্ৰুত অৰ্ধশতক নিশ্চিতভাৱে আজিৰ খেলখনৰ অন্যতম  গুৰুত্বপূৰ্ণ অংশৰূপে চৰ্চা হ'ব । আনহাতে ম্যেন অৱ দ্য মেচৰ সন্মান প্ৰদান কৰা হয় ইৰফান পাঠানক ।


Post a Comment

0 Comments