দললৈ উভটি আহিল তিনি তাৰকা



চলিত মাহত আৰম্ভ হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ এদিনীয়া শৃংখলা । অহা ১২ মাৰ্চৰ পৰা ভাৰতত অনুষ্ঠিত হ'বলগীয়া এই শৃংখলাৰ বাবে দলৰ নিৰ্বাচকে দলটিৰ ১৫ জনীয়া খেলুৱৈসকলৰ নাম দেওবাৰে ঘোষণা কৰিছে । এই দলটিলৈ উভতি আহিছে আঘাটপ্ৰাপ্তিৰ বাবে দলৰ পৰা বাহিৰত থকা তিনি তাৰকা ক্ৰমে শিখৰ ধাৱান, হাৰ্ডিক পাণ্ডিয়া আৰু ভুৱনেশ্বৰ কুমাৰ ।




 যোৱা ছেপ্তেম্বৰৰ পৰা পিঠিৰ ছাৰ্জাৰীৰ বাবে দলৰ পৰা বাহিৰত আছিল হাৰ্ডিক পাণ্ডিয়া । মুম্বাইত অনুষ্ঠিত হোৱা DY পাটিল টি-২০ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তিনি তাৰকাই নিজৰ ফিটনেছ প্ৰমাণ কৰে । উল্লেখযোগ্য যে, ৰোহিত শৰ্মা সম্পূৰ্ণ সুস্থ হৈ নুঠাৰ বাবে এই শৃংখলাত দলৰ পৰা বাহিৰত অৱস্থান গ্ৰহণ কৰিছে । ৰোহিত শৰ্মাৰ স্থানত বাহাল থাকে পৃথ্বী শ্ব' । 


নিউজিলেণ্ড ভ্ৰমণত দলত অন্তৰ্ভুক্ত থকা কেডাৰ যাদৱ আৰু ময়ংক আগৰৱালে এই শৃংখলাত স্থান হেৰুৱাই । আনহাতে দলত নিজৰ স্থান বৰ্তাই ৰাখিবলৈ সক্ষম হয় মনিশ পাণ্ডেই ।


Post a Comment

0 Comments